খেল হৈছিল আমেৰিকাত: হাৰিল ইজিপ্ত : ম*ৰিল বাংলাদেশৰ ১২ জন

Share

LIVE ASSAM : বিশ্ব কাপ ফুটবলৰ প্ৰতিক্ৰিয়া

বিশ্ব কাপ ফুটবল অনুষ্ঠিত হৈছে আমেৰিকা, মেক্সিকো আৰু কানাডাত।
সমগ্ৰ এছিয়াৰ পৰা এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছিল একমাত্ৰ জাপান আৰু দক্ষিণ কোৰিয়াই।
দুয়োখন দেশেই দুৰ্ভাগ্যজনক ভাৱে প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাল খেলিও ইতিমধ্যে বাহিৰ হৈছে। সেয়েহে চাবলৈ গ’লে এতিয়া বিশ্বৰ অতি সীমিত সংখ্যক কেইখনমান দেশৰ বাবে বিশ্ব কাপ ফুটবলৰ খেল চাই আনন্দ উপভোগ কৰাৰ বাদে কৰণীয় আন একো নাই।
কিন্তু ফুটবল খেলৰ নিচাই এনেকুৱা যে ইয়াত বহুতেই নিৰ্লিপ্ত হৈ থাকিবলৈ মুঠেই ভাল নেপায়।
সেই কথাৰেই যেন প্ৰমাণ পোৱা গ’ল বাংলাদেশত।
আৰ্জেণ্টিনা আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হৈছিল প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল। এই খেলখনৰ অধিকাংশ সময়েই আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-০ অগ্ৰগতি লৈ থকা ইজিপ্তে বিশ্বৰ ফুটবল জগতত এক অঘটন ঘটাবলৈকে আগবাঢ়িছিল।
কিন্তু ইয়াৰ পিছতে খেলৰ গতি সলনি হ’ল। মাথোঁ পাচ মিণিটৰ ব্যৱধানত দুটাকৈ গল পৰিশোধ কৰি আৰ্জেণ্টিনাই প্ৰথমে সমতা স্থাপন কৰে আৰু অন্তিম সময়ত নিৰ্ণায়ক গল দি জয়ী হ’বলৈ সক্ষম হয়।
ইয়াকে লৈ বাংলাদেশত পৰিস্থিতি উত্তপ্ত হৈ পৰে। দেশখনৰ ধানপুৰৰ অন্তৰ্গত কুমিল্লা আদৰ্শ সদৰ উপ জিলাত প্ৰথমে এই খেলৰ ফলাফলক লৈ বাক বিতণ্ডা সৃষ্টি হয় আৰু তাৰ পৰাই ই ভয়ানক হিংসাত্মক সংঘৰ্ষৰ ৰূপ লয়। এই হিংসাত্মক ঘটনাত এই পৰ্যন্ত ১২ জনকৈ লোক নিহত হৈছে।
পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে বুলি জানিব পৰা গৈছে।

Share