আফগানিস্থানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক

Share

৪০০ ৰোগী নিহত, ২৫০ জন আহত

LIVE ASSAM : আফগানিস্থানৰ বিৰুদ্ধে পাকিস্তানে চলোৱা এয়াৰ ষ্ট্ৰাইকত এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন ৪০০ ৰোগী নিহত হোৱাৰ লগতে ২৫০ গৰাকী ৰোগী আহত হৈছে৷
আফগানিস্থানৰ তালিবান চৰকাৰৰ উপ মুখপাত্ৰ হামদুল্লাহ ফিটৰতে এই কথা প্ৰকাশ কৰিছে৷ পাকিস্তানৰ এই বৰ্বৰতাক তীব্ৰ নিন্দা কৰি ফিটৰতে কয় যে কাবুলৰ দুহেজাৰ বিচনাযুক্ত এখন নিচামুক্তি চিকিৎসালয়ত অকস্মাতে এই আক্ৰমণ চলাই পাকিস্তানে৷ ফলত সেই সময়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত হাহাকাৰ লাগে৷ এই নিৰ্মম ঘটনাত চিকিৎসাধীন ৪০০ ৰোগীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আন ২৫০ গৰাকী ৰোগী আহত হয়৷ এই ঘটনাক পাকিস্তানৰ কাপুৰুষালি বুলি অভিহিত কৰে উপ মুখপাত্ৰ ফিটৰতে৷
আনহাতে পাকিস্তানে এই ঘটনাৰ সন্দৰ্ভত আফগানিস্থানৰ বক্তব্য সত্য নহয় বুলি দাবী কৰিছে৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী আটাউল্লাহ তাৰাৰে কয় যে আফগানিস্থানে দাবী কৰাৰ দৰে এই আক্ৰমণ চিকিৎসালয়ত কৰা হোৱা নাছিল৷ তেওঁ কয় যে কাবুলৰ লগতে পূব প্ৰান্তৰ নানগাৰহাৰৰ সামৰিক ঘাটি এটাতহে আক্ৰমণ চলোৱা হৈছিল৷
কিন্তু এই আক্ৰমণৰ ক্ষয় -ক্ষতি সম্পৰ্কে কোনো কথা প্ৰকাশ নকৰিলে পাকিস্তানে৷
অনবৰতে নিজকে ইছলামৰ পৃষ্ঠপোষক বুলি দাবী কৰি অহা পাকিস্তানে এই ৰমজান মাহতো চলোৱা নৃশংসতা দেখি স্তম্ভিত হৈ পৰিছে সকলো৷

Share