LIVE ASSAM : এইবাৰৰ টি টুৱেন্টি বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱা ভাৰতীয় খেলুৱৈ সকললৈ বিপুল ধনৰাশি পুৰস্কাৰ ৰূপে আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ড অৱ ইণ্ডিয়া অৰ্থাৎ বি চি চি আইয়ে।
যোৱা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি চেম্পিয়নৰ খিতাপ অক্ষুণ্ণ ৰখা ভাৰতীয় দলক লৈ যথেষ্ট সুখী বি চি চি আই।
সেয়েহে এই চেম্পিয়ন দলটোলৈ বি চি চি আইয়ে পুৰস্কাৰ ৰূপে আগবঢ়াইছে ১৩১ কোটি টকা।
বিগত ২০২৪ বৰ্ষত ৰোহিত শৰ্মাৰ নেতৃত্বত চেম্পিয়ন হোৱা ভাৰতীয় দলটোক পুৰস্কাৰ ৰূপে বি চি চি আইয়ে আগবঢ়াইছিল ১২৫ কোটি টকা।
বি চি চি আইয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰকে ধৰি তৃতীয় বাৰলৈ বিশ্ব চেম্পিয়ন হ’ল ভাৰত। বিশ্ব ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটৰ এই সফলতাত বি চি চি আই যথেষ্ট সুখী। সেয়েহে দলটোলৈ বিপুল ধনৰাশি পুৰস্কাৰ ৰূপে আগবঢ়োৱা হৈছে।
কোনো চেম্পিয়নশ্বিপত খিতাপ লাভ কৰা দলে লাভ কৰা ধনৰ এই পৰিমাণেই সকলোৰে চকু কপালত তুলিছিল। কিন্তু এইবাৰ তাতকৈও অধিক আগুৱাই সেই ধনৰাশিৰ পৰিমাণ ১৩১ কোটি টকালৈ বৃদ্ধি কৰিলে বি চি চি আইয়ে।
প্ৰণিধানযোগ্য যে বিশ্বৰ ভিতৰতে বি চি চি আই হৈছে সবাতোকৈ ঐশ্বৰ্যশালী সংস্থা।

