LIVE ASSAM : নৱ প্ৰজন্মৰ হাতলৈ গ’ল নেপালৰ ৰাজনৈতিক ক্ষমতা।
২০২৫ বৰ্ষত নেপালত আৰম্ভ হৈছিল গণ আন্দোলনৰ। দীৰ্ঘ দিন ধৰি নেপালত শাসনৰ নামত চলাই অহা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ কাঠমাণ্ডুলৈ ওলাই আহিছিল নেপালৰ নৱ প্ৰজন্ম। ধুমুহাৰ ৰূপ লৈছিল জেন – জেদৰ সেই খং- ক্ষোভ ভৰা আন্দোলনে। ইয়াৰ প্ৰকোপত ভস্মীভূত হৈছিল নেপালৰ বহু ৰাজনৈতিক নেতাৰ ঘৰ-বাৰী তথা সা-সম্পত্তি।
দেশ এৰি পলায়ন কৰিছিল বহুতেই। তাচপাতৰ দৰেই খহি পৰিছিল কে পি শৰ্মা অলী নেতৃত্বাধীন চৰকাৰ।
ইয়াৰ পিছতেই সুশীলা কাৰ্কীক অন্তৰ্ৱৰ্তীকালীন প্ৰধান মন্ত্ৰী ৰূপে লৈ গঠিত হৈছিল নেপালৰ আভ্যন্তৰীণ চৰকাৰ। এই চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত হ’ল নেপালৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত নেপালৰ জনসাধাৰণে সম্পূৰ্ণ ৰূপে প্ৰত্যাখ্যান কৰিলে জ্যেষ্ঠ ৰাজনীতিবিদ সকলক। ইয়াৰ পৰিৰ্ৱতে নেপালৰ ক্ষমতালৈ আগবঢ়াই দিয়া হ’ল নৱ প্ৰজন্মক।
মাথোঁ তিনি বছৰ পূৰ্বে গঠিত বলেন্দ্ৰ শ্বাহ নেতৃত্বাধীন ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ ওপৰত আস্থা প্ৰদৰ্শন কৰে নেপালৰ জনসাধাৰণে।
৩৫ বছৰীয়া বলেন্দ্ৰ শ্বাহ সম্প্ৰতি সাজু হৈছে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’বলৈ।

