০ এটা চাকৰিৰ বাবেই মাতৃও শত্ৰু হ’ল কন্যাৰ : জয়পুৰত ভাৰাতীয়া গুণ্ডাৰ দ্বাৰা মাতৃক হত্যা

Share

LIVE ASSAM : ৰাজস্থানৰ জয়পুৰত এটা চাকৰি আৰু ঘৰখনৰ সম্পত্তিৰ লোভত ভাৰাতীয়া লোকৰ দ্বাৰা নিজ মাতৃকে হত্যা কৰোৱাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল জীয়েক।
জয়পুৰ আৰক্ষীৰ পূব ডিভিজনৰ ডি চি পি ৰঞ্জিতা শৰ্মাই জনোৱা অনুসৰি জয়পুৰৰ প্ৰতাপ নগৰৰ বাসিন্দা ৪৫ বছৰীয়া নীৰজ শৰ্মাই আদালতত এগৰাকী নিম্ন বৰ্গৰ সহায়িকা ৰূপে চাকৰি কৰিছিল। এই চাকৰি তেওঁ লাভ কৰিছিল স্বামীৰ মৃত্যুৰ পিছত অনুকম্পামূলক নিযুক্তিৰ জৰিয়তে।
কিন্তু তেওঁৰ জীয়ৰী আয়ুসী শৰ্মাই এই কথা ভাল পোৱা নাছিল কিয়নো তেওঁ নিজেই সেই চাকৰি লাভ কৰাৰ আশা কৰিছিল। তদুপৰি ঘৰখনৰ সম্পত্তিৰ অংশক লৈও মাতৃৰ প্ৰতি অসন্তুষ্ট হৈ আছিল আয়ুসী শৰ্মা।
সেয়েহে তেওঁ খুড়াক মোহন স্বৰূপ আৰু বলৰামৰ লগ লাগি ৭ লাখ টকাৰ বিনিময়ত ভাৰতপুৰৰ হেমন্ত শৰ্মাৰ নেতৃত্বৰ এক ভাৰাতীয়া গুণ্ডা বাহিনীৰ সহায় লয়। এই বাহিনীটোৱে নীৰজ শৰ্মাই পুত্ৰক কোচিং চেণ্টাৰত নমাই থৈ উভতি অহাৰ পথত এখন স্কৰ্পিঅ’ বাহনেৰে খুন্দিয়াই মাকক হত্যা কৰে। এটা দুৰ্ঘটনাৰ ৰূপ দি হত্যাকাৰীয়ে ঘটনাস্থলীতে স্কৰ্পিঅ’ বাহনখন এৰি পলায়ন কৰে।
এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে নীৰজ শৰ্মাৰ ভাতৃ ৰাকেশ কুমাৰে। তেওঁ এই ঘটনাক দুৰ্ঘটনা বুলি মানি নলৈ এক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীৰ কাষ চাপিছিল।
আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি ইয়াক সন্দেহজনক বুলি গণ্য কৰে। ইয়াৰ পিছত কাষৰ চি চি টি ভিৰ ফুটেজ, মোবাইল ফোনৰ বাৰ্তালাপ , অৱস্থিতি আদি নিৰীক্ষণ কৰি ঘটনাৰ সত্য পোহৰলৈ আনিবলৈ সক্ষম হয়।
আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত আয়ুসী শৰ্মা, মোহন স্বৰূপ, মোহিত শৰ্মা, আকাশ শৰ্মা, অৰৱিন্দ শৰ্মা, হেমন্ত শৰ্মা আৰু ৰোহিত জাটভক গ্ৰেপ্তাৰ কৰিছে। মূল ষড়যন্ত্ৰকাৰীৰ এজন বলৰাম অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে।

Share