- ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলোৱা যুদ্ধত নিহত হল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আল খামেইনি
- প্ৰায় চাৰি দশক ধৰি ইৰাণৰ সৰ্বময় কৰ্তা আছিল খামেইনি
- খামেইনিৰ হত্যাৰ পিছতেই শোকাচ্ছন্ন হৈ পৰিছে বিশ্ব
- ভাৰততো শোকাকুল হৈ পৰিছে অসংখ্যজন
দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত পোৱা সুযোগৰ সদ ব্যৱহাৰ কৰি এইবাৰ আমেৰিকা আৰু ইজৰাইলে ধৰাশায়ী কৰিলে তেওঁলোকৰ প্ৰধানশত্ৰুক৷
আয়াতুল্লা আল খামেইনি৷
বিগত চাৰিটা দশক ধৰি ইৰাণৰ সৰ্ব ময় কৰ্তা হৈ থকা আয়াতুল্লা আল খামেইনি আছিল আমেৰিকা আৰু ইজৰাইলৰ প্ৰধান শত্ৰু৷ প্ৰচণ্ড স্বাভিমানী এই গৰাকী নেতাই কোনোদিনেই গুৰুত্ব দিয়া নাছিল আমেৰিকাৰ ৰঙা চকুক৷ ইয়াৰ বিপৰীতে নিজে বিচৰা ধৰণে ইৰাণক গঢ় দিছিল খামেইনিয়ে৷ সেয়াই তেওঁৰ অপৰাধ হল৷ এই স্বাভিমানেই কাল হল খামেইনিৰ৷ সেয়েহে খামেইনিক বশ কৰিবলৈ নানান ষড়যন্ত্ৰত লিপ্ত হল আমেৰিকা আৰু মিত্ৰ দেশ ইজৰাইল৷

ইৰাণক কোনো কাৰণতে পাৰমানৱিক শক্তি হৈ উঠিব নিদিয়াৰ হূংকাৰ দিয়েই একপ্ৰকাৰ যুদ্ধত নামিল এই দুই দেশ৷
নিজৰেই বিশ্বস্ত সহকৰ্মীৰ বিশ্বাস ঘাতকতাৰ বাবেই খামেইনিৰ সঠিক অৱস্থিতিৰ বিষয়ে অৱগত হল আমেৰিকা৷ ফলত নিৰ্ঘাত মিছাইল আক্ৰমণৰ দ্বাৰা হত্যা কৰা হল ৮৬ বছৰীয়া আয়াতুল্লা খামেইনিক৷
বিশ্বৰ ইছলামক এক সুকীয়া পৰিচয় দিছিল আয়াতুল্লা খামেইনিয়ে৷ সেই খামেইনিৰ এনে নিদাৰুণ পৰিণতিত সেয়েহে আজি শোকাহত হৈ পৰিছে সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মী লোকসকল৷

ভাৰততো খামেইনিৰ মৃত্যুৰ প্ৰভাৱ পৰিছে৷ ইয়াৰ কাৰণো আছে৷ এসময়ত এইখন ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাবাল্কিৰ পৰাই ওলাই গৈছিল খামেইনিৰ পূৰ্ব পুৰুষ৷ খামেইনিৰ ককাক চৈয়দ আহমেদ মুচাভি আছিল চিয়া মুছলমান৷ উনৈশ শতিকাত চিয়া মুছলমানৰ প্ৰধান শিক্ষা কেন্দ্ৰ ইৰাক অভিমুখে তেওঁ ৰাওনা হৈছিল৷ ইয়াৰ পিছত অৱশ্যে তেওঁ ইৰাণলৈ আহে আৰু ইয়াতেই নিগাজীকৈ বসবাস কৰিবলৈ লয়৷ পৰৱৰ্তী সময়ত তেওঁৰ নাতি আয়াতুল্লা খামেইনি ইৰাণৰ ক্ষমতাৰ কেন্দ্ৰ হৈ পৰে৷

