LIVE ASSAM : পাকিস্তান আৰু সন্ত্ৰাসবাদীৰএক সম্পৰ্ক সদায়েই আছে৷ দীৰ্ঘ দিন ধৰি বিশ্ববাসীয়ে সেয়াই যেন দেখি আহিছে৷
ইয়াৰ মাজতে Global Terrorism Index ৰ শেহতীয়া প্ৰতিবেদনত এনে কথা পোহৰলৈ আহিছে যে পাৰ হৈ যোৱা বছৰটো অৰ্থাৎ ২০২৫ বৰ্ষত পাকিস্তানতেই সংঘটিত হৈছিল পৃথিৱীৰ সবাতোকৈ অধিক হিংসাত্মক ঘটনা৷
১১৩৯ টা হত্যাৰ ঘটনা, ১০৪৫ টা আক্ৰমণ, ১৫৯৫ জন আহত হোৱাৰ লগতে ৬৫৫ টা অপহৰণৰ ঘটনাৰে পাকিস্তানে পৃথিৱীৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰিছে৷
এই ঘটনা সমুহৰ অধিকাংশ খাইবাৰ পাখটুনখোৱা আৰু বেলুচিস্তান অঞ্চলত সংঘটিত হৈছে৷
এই আক্ৰমণৰ অধিকাংশই সংঘটিত কৰিছে টেহৰিক ই টালিবান- পাকিস্তানে৷ এই সংগঠনটোৱে অকলেই ৫৯৫ টা আক্ৰমণ চলোৱাৰ লগতে ৬৩৭ জন লোকক হত্যা কৰিছে৷
নকলেও হয় যে নব্বৈৰ দশকত এই টেহৰিক ই টালিবান নামৰ সংগঠনটো ভাৰত আৰু আফগানিস্থানৰ বিৰুদ্ধে যুজিবলৈ ধনে জনে সহায় কৰাৰ অভিযোগ আছে পাকিস্তানৰ বিৰুদ্ধে৷
এতিয়া পৰিস্থিতিৰ তাড়ণাত এই সংগঠনটোৱেই জ্বলা কলা খুৱাইছে পাকিস্তানক৷
উল্লেখযোগ্য যে পাকিস্তানত হাক্কানি নেটৱৰ্ক, আল কায়দা, লস্কৰ ই টইবা আদিৰ দৰে বহু কেইটা সন্ত্ৰাসবাদীসংগঠন সক্ৰিয় হৈ আছে৷

