০ মধ্য প্ৰাচ্যত অব্যাহত ধ্বংসলীলা

Share

০ ক্ষান্ত হোৱা নাই ইৰাণ

LIVE ASSAM : ইজৰাইল আৰু আমেৰিকাক উভতি ধৰিছে ইৰাণে।
ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনি নিহত হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইৰাণ। ইয়াৰ বিপৰীতে পূৰ্ণ উদ্যমেৰে প্ৰতি আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে।
সোমবাৰে ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত আক্ৰমণ চলাই ইৰাণে। চৌদি চৰকাৰে এই কথা নিশ্চিত কৰি কয় যে দ্ৰোণৰ জৰিয়তে চলোৱা এই আক্ৰমণত ৰাজধানী চহৰখন কপি উঠে। ইৰাণৰ এই আক্ৰমণৰ পিছত আমেৰিকাই ৰিয়াধ, বাহৰেইন, জৰ্দান আৰু ইৰাকত থকা দূতাবাসৰ জৰুৰীকালীন কৰ্মচাৰীৰ বাদে আন সকলক তাৰ পৰা আতৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কুৱেইটত থকা ইৰাণৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে মাৰ্কিন সেনাৰ ঘাটি। ইৰাণৰ সেই ভয়ংকৰ আক্ৰমণৰ ফলত এগৰাকী মাৰ্কিন নাগৰিকৰ প্ৰাণহানি হয়। ইয়াকে ধৰি এই যুদ্ধত এই পৰ্যন্ত ছয়জনকৈ লোকক হেৰুৱাব লগা হৈছে আমেৰিকাই।
ডুবাইতো দুটাকৈ আক্ৰমণ চলাই ইৰাণে। এই আক্ৰমণত আমেৰিকাৰ সেনাকে ধৰি অষ্ট্ৰেলিয়াৰ সেনাৰ ঘাটিও ক্ষতিগ্ৰস্ত হয়।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহুৰ চৰকাৰী কাৰ্যালয়তো আক্ৰমণ চলোৱাৰ দাবী কৰিছে ইৰাণে।
ইৰাণে এই উদ্ধতালিৰ পৰিণাম ভোগ কৰিব লাগিব বুলি সজোৰে দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। তেওঁ কয় যে আমেৰিকাৰ হাতত পৰ্যাপ্ত সাধন মজুত আছে আৰু প্ৰয়োজন সাপেক্ষে দীৰ্ঘ দিন ধৰি যুদ্ধ অব্যাহত ৰাখিব আমেৰিকাই।
ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ পূৰ্বসূৰী বাৰাক অ’বামা আৰু জৌ বাইডেনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈয়েই ইৰাণ শক্তিশালী হৈ উঠা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ হস্তক্ষেপ অবিহনে ইৰাণ বিশ্বৰ বাবে অধিক ভয়ংকৰ এক শক্তি হৈ উঠিল হেতেন।

Share