০ দোষমুক্ত ঘোষিত অৰবিন্দ কেজৰিৱাল ০ আবেগত উচুপি উঠিল কেজৰিৱাল

Share

অৱশেষত দোষমুক্ত ঘোষিত হ’ল অৰবিন্দ কেজৰিৱাল।
দুবছৰ আগতে দেশৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ৰূপে দিল্লীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি অৰবিন্দ কেজৰিৱালক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সেই ঘটনাতো ভাগি পৰা নাছিল কেজৰিৱাল। কিন্তু দুটা বছৰৰ অন্তত আদালতত সেই সকলো অভিযোগৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰাৰ লগে লগে আবেগত ভাগি পৰি উচুপি উঠিল দিল্লীৰ একালৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তেওঁৰ চৰকাৰে দিল্লী এক্সাইজ পলিচি ২০২১-২২ বলবৎ কৰিছিল। এই নীতিৰ জৰিয়তে চৰকাৰী ৰাজহ ক্ষতি কৰি কেইজনমান নিৰ্দিষ্ট লোকক সহায় কৰা হৈছিল আৰু ইয়াৰ বিনিময়ত বুজন পৰিমাণৰ উপঢৌকনৰ লেনদেন হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল চি বি আইয়ে।
ইয়াৰ বাবেই সেই সময়ৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মণীষ ছিছডিয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।
অৰবিন্দ কেজৰিৱালক ছমাহ আৰু মণীষ ছিছডিয়াক প্ৰায় দুবছৰ ধৰি কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছিল।
এয়া আছিল আম আদমি পাৰ্টিৰ চৰকাৰ আৰু আমাক বদনামী কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ – এই বুলি কয় অৰবিন্দ কেজৰিৱালে।
উল্লেখযোগ্য যে আজি দিল্লীৰ বিশেষ আদালতে এই গোচৰত কেজৰিৱাল আৰু ছিছডিয়াকে ধৰি অভিযুক্ত ২৩ জন লোককে দোষমুক্ত বুলি ঘোষণা কৰে।

Share

Leave a Comment