অৱশেষত চৰ্তহীন ক্ষমা প্ৰাৰ্থনা কৰিলে কেন্দ্ৰই। এন চি আৰ টিৰ পাঠ্যক্ৰমত ন্যায়িক ক্ষেত্ৰৰ দুৰ্নীতি বিষয় অন্তৰ্ভুক্ত কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাবলৈ চৰ্তহীন ক্ষমা প্ৰাৰ্থনা কৰিলে কেন্দ্ৰই। শিক্ষা মন্ত্ৰালয়ৰ হৈ কেন্দ্ৰীয় চৰকাৰে ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাৰ জৰিয়তে ন্যায়িক খণ্ডলৈ এই ক্ষমা পত্ৰ প্ৰেৰণ কৰা হৈছে।
এন চি আৰ টিৰ পাঠ্যক্ৰমত অষ্টম শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল দেশৰ ন্যায়িক ক্ষেত্ৰৰ দুৰ্নীতি বিষয়ক অধ্যায়।
ইয়াকে লৈ দেশৰ ন্যায়িক খণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
ভাৰতীয় ন্যায়িক সেৱাক আজিও দেশৰ এক গৌৰৱ বুলিয়েই কোৱা হয়। সংবিধানৰ আধাৰত পৰিচালিত এইখন দেশত ন্যায়িক খণ্ডৰ আছে সুকীয়া এক মৰ্যাদা। সেই বাবেই সকলোৱেই মুকলিকৈ ন্যায়িক খণ্ডৰ সমালোচনাৰ পৰা নিজকে আঁতৰাই ৰাখে। ইয়াৰ পিছতো এন চি আৰ টিয়ে এনে এক বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল।
এন চি আৰ টিৰ এনে কাণ্ডক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ ৰাজনৈতিক তথা অন্যান্য ক্ষেত্ৰৰ দুৰ্নীতিৰ বিষয়ে মূক মৌন হৈ থকা এন চি আৰ টিয়ে এই কাম কৰাটো চিন্তনীয়।
আনহাতে এন চি আৰ টিৰ এনে কাৰ্যক মুঠেই সহজভাৱে মানি নললে মুখ্য ন্যায়াধীশ সূৰ্য কান্তই। মুখ্য ন্যায়াধীশ গৰাকীয়ে এই সন্দৰ্ভত এন চি আৰ টিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।
এই স্পৰ্শকাতৰ বিষয়টোত হস্তক্ষেপ কৰি কেন্দ্ৰই ন্যায়িক খণ্ডৰ প্ৰতি চৰ্তহীন ক্ষমা প্ৰাৰ্থনা কৰে। কেন্দ্ৰীয় চৰকাৰে লগতে এন চি আৰ টিৰ সঞ্চালক আৰু বিদ্যালয় শিক্ষাৰ সচিৱক বিষয়টোক লৈ কৈফিয়ৎ তলব কৰিছে।
দৰাচলতে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত কাৰ্যবাহী আৰু ন্যায়িক খণ্ডৰ সু-সমন্বয় অতি প্ৰয়োজনীয় আৰু সেয়েহে বিষয়টোৱে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে কেন্দ্ৰীয় চৰকাৰে।

