শেৱালী ফুল ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ পাত আৰু ফুল অত্যধিক গুণসম্পন্ন। শেৱালী ফুলৰ উপকাৰীতাৰ ভিতৰত জ্বৰ, চৰ্দি,কাহ আৰু অন্যান্য শ্বাস প্ৰশ্বাস জনিত সমস্যা নিৰাময়, হজম শক্তি বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আদি অন্যতম।
ইয়াৰ উপৰিও শেৱালী ফুলৰ পৰা তৈয়াৰ কৰা আঞ্জা অতি তৃপ্তিদায়ক। শেৱালী ফুলে বাতবিষ, ডায়েবেটিছ ৰোগ নিৰাময় কৰে। ইয়াৰ উপৰিও শেৱালী গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰি ৰাখে। ঘৰৰ চৌহদত শেৱালী ফুল, মহানীম আৰু তুলসী গছ থাকিলে কেতিয়াও বায়ু প্ৰদূষণ নহয় লগতে, বসন্ত আদিৰ পৰাও হাত সাৰি থাকিব পাৰি। শৰৎকালৰ পৰা ফুলা সুগন্ধিযুক্ত শেৱালী ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌ জুলৰ সৈতে সেৱন কৰিলে জ্বৰ আৰু কাহ ভাল হয়। শেৱালী ফুলৰ পাত নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। শেৱালী ফুলৰ পাতৰ পৰা তৈয়াৰ কৰা তেল চুলিত লগালে চুলি সৰা বন্ধ হয় আৰু চুলি ঘন হৈ পৰে। হাড়ৰ বিষত শেৱালী ফুলৰ পাত উতলাই সেই পানী সেৱন কৰিলে সুফল পোৱা যায়। এই ঔষধি যুক্ত শেৱালী ফুল শৰৎকালত ফুলে যদিও বছৰটোৰ বাৰ মাহে ফুলা শেৱালী ফুলৰ গছো দেখিবলৈ পোৱা যায়।

