LIVE ASSAM : ষষ্ঠ দিনত ভৰি দিলে ইৰাণ আক্ৰমণৰ ঘটনাই।
এইছোৱা সময়ত ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণ অব্যাহত ৰখাৰ দৰেই সমানেই প্ৰত্যুত্তৰ দিছে ইৰাণেও।
ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভকে ধৰি মধ্য প্ৰাচ্যত থকা আমেৰিকাৰ মিত্ৰ দেশ চৌদি আৰৱ, কুৱেইট আদিত মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণে।
এই যুদ্ধত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনি নিহত হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইৰাণ।
শেহতীয়াকৈ খামেইনিৰ পিছত ইৰাণৰ বৰ্তমানৰ শাসক পক্ষক উৎখাত কৰি নিজৰ সমৰ্থন পুষ্ট এখন চৰকাৰ টেহৰাণত বহুৱাবলৈ তৎপৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। সেই বিষয়ে অৱগত হৈয়েই এইবাৰ টেহৰাণে ইজৰাইলৰ ডিমনাত থকা পৰমাণু ক্ষেত্ৰত আক্ৰমণ কৰাৰ ভাবুকি দিছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যদিহে এই প্ৰয়াস ত্যাগ নকৰে তেন্তে টেহৰাণে ডিমনাত থকা পৰমাণু ক্ষেত্ৰত আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ নকৰিব।
ইৰাণৰ এই ভাবুকিয়ে যুদ্ধৰ গতি সলনি হোৱাৰ ইংগিত বহন কৰিছে।

