শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে পবিত্ৰ বৰদোৱা থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share

শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ এতিয়াৰে পৰা পিন্ধিব লাগিব জাতীয় সাজপাৰ

নগাঁও, ৩ মাৰ্চ: শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে পবিত্ৰ বৰদোৱা থানত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ এতিয়াৰে পৰা পিন্ধিব লাগিব জাতীয় সাজপাৰ

সত্ৰৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আবিৰ্ভাৱ ক্ষেত্ৰত ৰীল বনোৱাৰ নামত এতিয়াৰ পৰা নচলিব উদ্ভণ্ডালি

হৰিনাম আৰু দেৱবাদ্যৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে পবিত্ৰ বটদ্ৰৱা থান। চৌদিশে ফাকুৰ ৰং আৰু ভক্তিৰ সমাহাৰ। জগত গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত ৫ দিনীয়া বৰ্ণাঢ্য দৌল মহোৎসৱৰ আজি প্ৰথমটো দিন। এই পবিত্ৰ ক্ষণতে বটদ্ৰৱাত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
প্ৰথমে কীৰ্ত্তন ঘৰৰ গুৰু আসনত আৰু তাৰ পিছতে অস্থায়ী ভাৱে ৰখা ‘গোঁসাই’ৰ চৰণত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এই আধ্যাত্মিক পৰিৱেশৰ মাজতে আজি মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা। সত্ৰীয়া পৰম্পৰাৰ ৰক্ষাৰ স্বাৰ্থত কোনো আপোচ কৰিব নোখোজে চৰকাৰে। কীৰ্ত্তন ঘৰত প্ৰৱেশৰ সময়ত তেওঁৰ সৈতে থকা এজন লংপেন্ট পৰিহিত নিৰাপত্তাৰক্ষীক নিজেই বাহিৰলৈ উলিয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে শেহতীয়াকৈ মুকলি হোৱা ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ত একাংশ লোকে হিন্দী গীতত ৰিলছ বনাই সৃষ্টি কৰা অবাঞ্ছনীয় পৰিৱেশক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী। সত্ৰৰ পবিত্ৰতা ৰক্ষাৰ বাবে তেওঁ কৰিলে এক ডাঙৰ ঘোষণা।

এতিয়াৰে পৰা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ হ’লে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। অৱশ্যে ১২ বছৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব ।”উল্লেখ্য যে ২ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই দৌল উৎসৱত কাইলৈ অনুষ্ঠিত হ’ব গোসাঁই ফুৰুৱা উৎসৱ। পবিত্ৰ দৌল উৎসৱৰ আজি গোঁসাই মূৰত ফাকু দিয়া উৎসৱত মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত হৈ পৰিছে সমবেত সহস্ৰাধিক ভকত-বৈষ্ণৱ

Share