ৰূপহীহাট, ২৬ ফেব্ৰুৱাৰী :
ৰূপহীহাটৰ খাটোৱালত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷
দুয়োপক্ষৰ সংঘাতত থিতাতে নিহত হয় এজন আৰু আহত হয় কেইবাজনো লোক ৷
নিহত লোক জনৰ নাম হাতেম আলী আৰু লগতে গুৰুতৰভাৱে আহত লোক কেইজন ক্ৰমে ৰমজান আলী, হুছেইন আলী মেৰাজুল হক, ইনাৰা খাতুন আৰু আশ্বাদুল হক ৷ খাটোৱালৰ ইজ্জত আলীৰ পৰিয়াল আৰু হুছেইন আলীৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা ৷
দীৰ্ঘদিন ধৰি দুয়োপক্ষৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত চলি অহাৰ পৰিণতিতেই এই ঘটনা সংঘটিত হয়

