LIVE ASSAM : ভাৰতত ইচ্ছা মৃত্যু সম্ভৱ নে ? ইচ্ছা মৃত্যুকলৈ ভাৰতত আছে বহু প্ৰতিবন্ধকতা ৷ কিন্তু ইয়াৰ মাজতে ইচ্ছা মৃত্যুৰ পথ প্ৰশস্ত হোৱা যেন দেখিবলৈ পোৱা গৈছে ভাৰতত ৷ শেহতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক এই সন্দৰ্ভত এখন উপযুক্ত আইন প্ৰনয়ণৰ আহ্বান জনাইছে
অৱশেষত ভাৰততো আৰম্ভ হল ইচ্ছামৃত্যু৷
সৰ্বোচ্চ ন্যায়ালয়ে হৰিশ ৰাণা নামৰ এগৰাকী যুৱকৰ অভিভাৱকে ইচ্ছামৃত্যুৰ বাবে জনোৱা আবেদন বিচাৰ কৰি এই বিষয়ত সন্মতি প্ৰদান কৰে৷
সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰক ন্যায়াধীশ জে বি পাৰদিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনে হৰিশ ৰাণাৰ বৃদ্ধ পিতৃ- মাতৃৰ আবেদন বিবেচনাৰ অন্তত ইয়াত সন্মতি প্ৰদানৰ লগতে এই ধৰণৰ স্পৰ্শকাতৰ বিষয়ত উপযুক্ত আইন প্ৰনয়ণৰ দিহা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে৷
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিশ বছৰীয়া হৰিশ ৰাণা ২০১৩ চনত তেওঁ থকা অতিথিশালাৰ চতুৰ্থ মহলাৰ পৰা অকস্মাতে পিছলি পৰিছিল৷ মূৰত বেয়াকৈ আঘাত পোৱা হৰিশ ৰাণাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ মূৰত গুৰুতৰ ভাৱে আঘাত পোৱা হৰিশক ট্ৰেকিঅষ্টমী টিউব লগাই কৃত্ৰিম ভাৱে শ্বাস প্ৰশ্বাস লোৱাত সহায় কৰা হয়৷ কিন্ত সেয়াই আছিল আৰম্ভণি৷ ইয়াৰ পিছত বিগত তেৰ বছৰ ধৰি এনেকৈয়ে থকা হৰিশৰ অৱস্থাৰ উন্নতি হোৱাৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই জনাই চিকিৎসকে৷
এই কথাত হতাশ হৈ পৰে হৰিশৰ বৃদ্ধ পিতৃ- মাতৃ৷ অসহায় হৈ দুয়ো কাষ চাপিল আদালতৰ৷ হৰিশৰ অৱস্থা আৰু পিতৃ- মাতৃৰ অসহায়ৰ কথা উপলব্ধি কৰি আদালতে তেওঁৰ মৃত্যুৰ দিহা কৰিব পৰা যায় বুলি মত প্ৰকাশ কৰে৷
আদালতে এই ধৰণৰ স্পৰ্শকাতৰ বিষয়ত যথোচিত আইন প্ৰনয়ণৰ দিহা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়৷
আদালতে কয় যে জীৱনৰ কোনো সম্ভাৱনা নথকা এনে ৰোগীক মৰ্যাদাো সহ বিদায় দিয়া দোষণীয় হব নোৱাৰে৷
উল্লেখযোগ্য যে পৃথিৱীৰ কেইবাখনো দেশত এনে ধৰণৰ জীৱনৰ কোনো সম্ভাৱনা নথকা ৰোগীক ইচ্ছা মৃত্যু প্ৰদানৰ ব্যৱস্থা আছে যদিও সেই কাৰ্যক ভাৰত চৰকাৰে এতিয়াও মান্যতা দিয়া নাই৷
এই ক্ষেত্ৰত দিল্লীৰ অৰুণা শ্বানবাগ নামৰ এগৰাকী নাৰ্চৰ প্ৰসংগও চৰ্চালৈ আহে৷ অৰুণা শ্বানবাগ দিল্লীৰ এখন চিকিৎসালয়ত কৰ্মৰত অৱস্থাতে ধৰ্ষণৰ বলি হৈছিল৷ এই ঘটনাত স্তম্ভিত হৈ পৰা অৰুণা সেই চিকিৎসালয়তে দীৰ্ঘ ৩১ বছৰ ধৰি সাৰশূন্য হৈ পৰি ৰৈছিল৷ অৰুণাক সেই অসহায় অৱস্থাৰ পৰা মুক্তি দি মৃত্যু প্ৰদানৰ আদেশ দিবলৈ পৰিয়ালে বিচাৰিছিল যদিও ২০১১ চনত ভাৰতত এনে বিধান নাই বুলি সেই আবেদন নাকচ কৰা হৈছিল৷
এতিয়া আদালতৰ সন্মতি লাভৰ পিছত আমেৰিকান চিকিৎসক জেকব কভাৰকিয়ানে প্ৰথমে সূচনা কৰা ইচ্ছামৃত্যুৰ বিষাক্ত বেজীৰে হৰিশ ৰাণাৰ যন্ত্ৰণাময় জীৱন অৱসানৰ পথ প্ৰশস্ত হৈ পৰিল৷

