নগাঁও, ২৬ ফেব্ৰুৱাৰী : –
সুস্বাদু বিৰিয়ানীৰ চাহিদা আছে সমগ্ৰ দেশজুৰি।
হোটেল, ৰেষ্টুৰাঁ তথা ফাষ্ট ফুডৰ দোকানত প্ৰায়বোৰ গ্ৰাহকেই সোৱাদ লয় এই সুস্বাদু বিৰিয়ানীৰ।
কিন্তু আমি সততে খোৱা এই বিৰিয়ানীৰ জৰিয়তে দেশক প্ৰতাৰণা কৰা হৈছে প্ৰায় ৭০ হেজাৰ কোটি টকা।
আচৰিত হ’লেও এয়া সত্য।
হায়দৰাবাদৰ এখন বিৰিয়ানীৰ দোকানত নিয়মীয়া তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দল। বিৰিয়ানীৰ বিল প্ৰস্তুত কৰা কম্পিউটাৰ পৰীক্ষা কৰোতেই সন্দেহ উপজিল আৰক্ষীৰ। ইয়াৰ পিছতেই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। কম্পিউটাৰ আৰু এ আইৰ সহায়ত ৬০ টেৰাবাইট ডেটা বিশদ পৰীক্ষা কৰি আৰক্ষীয়ে ইয়াত বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ কাৰচাজি ধৰা পেলায়।
দৰাচলতে এই বিৰিয়ানী প্ৰতিষ্ঠান সমূহে গ্ৰাহকৰ পৰা আদায় কৰা বিলৰ পৰিমাণ অধিকাংশ ক্ষেত্ৰত ” ডিলিট” কৰে অথবা ইয়াৰ পৰিমাণ হ্ৰাস কৰে। হায়দৰাবাদৰ এই বিৰিয়ানী প্ৰতিষ্ঠান দেশজুৰি আছে। তদুপৰি দেশৰ প্ৰায় ১ লাখ ৭৭ হেজাৰ খন বিৰিয়ানী প্ৰতিষ্ঠানত এনে কাৰচাজি চলি থকা বুলি প্ৰায় নিশ্চিত হৈছে আৰক্ষী। ২০১৯-২০ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ চলোৱা এনে পৰীক্ষা কালত সৰ্বমুঠ ১৩ হেজাৰ কোটিৰ ব্যৱসায়ৰ তথ্য লুকুউৱা বুলি ঠাৱৰ কৰা হৈছে। সেই অনুসৰি ইয়াত প্ৰায় ৭০ হেজাৰ কোটি টকাৰ কৰ ফাঁকি দিয়া হৈছে।
আৰক্ষীয়ে বৰ্তমান বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে।

