দীঘলীয়া হ’ব পাৰে ইৰাণ যুদ্ধ : বিঘ্নিত হৈছে ভাৰতলৈ ইন্ধনৰ যোগান

Share

LIVE ASSAM : ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাই অনন্ত কাললৈ যুদ্ধ চলাব পাৰিব।
এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি যুদ্ধ চলাব পৰাকৈ আমেৰিকা অস্ত্ৰ শস্ত্ৰকে ধৰি সকলো ধৰণে সাজু।
আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনি নিহত হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইৰাণ।
অৰ্থাৎ এই যুদ্ধ সোনকালেই শাম কটাৰ সম্ভাৱনা নাই।
যুদ্ধ দীঘলীয়া হ’লে ইয়াৰ প্ৰভাৱৰ পৰা ভাৰত মুক্ত হৈ থাকিব নোৱাৰিব। বিশেষকৈ ইন্ধনৰ যোগানত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব ভাৰত।
পৃথিৱীৰ ইন্ধন পৰিবহনৰ অন্যতম কেন্দ্ৰ হৰমূজ কেনেল সম্প্ৰতি বন্ধ হৈ পৰিছে। ভাৰতলৈ আমদানি কৰা অধিকাংশ ইন্ধন এই পথেৰেই আহে। ৱাশ্বিংটনৰ তাগিদাত ৰাছিয়াৰ পৰা ইন্ধন আমদানিৰ পৰিমাণ হ্ৰাস কৰা ভাৰত অধিক হৰমূজ নিৰ্ভৰ হৈ পৰে।
হৰমূজ হৈয়েই চীন আৰু ভাৰতে অধিকাংশ ইন্ধন আমদানি কৰে। ভাৰতে প্ৰয়োজনীয় ৫৫ শতাংশ ইন্ধন এই পথেৰেই সৰবৰাহ কৰে।সেয়েহে এই দুয়োখন দেশত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। চীনে ছমাহৰ বাবে ইন্ধন জমা ৰাখিব পাৰে যদিও ভাৰতে মাথোঁ ৭৪ দিনৰ বাবেহে ইন্ধন জমা ৰাখিব পাৰে বুলি প্ৰকাশ কৰিছে এনাৰ্জি আৰু ৰিফাইনিঙৰ সঞ্চালক অজয় পাৰমাৰে। এনে অৱস্থাত দৈনিক ২ দশমিক ৭৪ মিলিয়ন বেৰেল ইন্ধন প্ৰয়োজন হোৱা ভাৰতৰ বাবে বিষয়টো চিন্তনীয় হৈ পৰিছে।
আনহাতে এই পৰিস্থিতিত ইন্ধনৰ মূল্য সন্দৰ্ভত আমেৰিকাই এক গুৰুত্বপূৰ্ণ ঘোষণা আজি কৰিব বুলি সদৰি কৰিছে মাৰ্কিন চেক্ৰেটেৰী অৱ ষ্টেট মাৰ্কো ৰুবিঅ’ই।

Share