পুৱা শুই উঠি খালী পেটতে পাতল আহাৰ গ্রহণ কৰিব লাগে। পুৱা পেট ভৰাই খাদ্য গ্রহণ কৰা উচিত নহয়। দিনৰ প্ৰথম আহাৰ খোৱাৰ পূর্বে কিছু স্বাস্থ্যকৰ খাদ্য খোৱা উচিত।

খেজুৰ : দিনটোৰ আৰম্ভণিতে খেজুৰ খালে স্বাস্থ্যৰ বাবে খুব উপকাৰী। খেজুৰত থাকে প্ৰচুৰ পৰিমাণে আঁহ। যি হজম প্রক্রিয়াত সহায় কৰে। কোষ্ঠাকাঠিন্য, পেটৰ সমস্যা দূৰ কৰাত খেজুৰে সহায় কৰে। তদুপৰি খেজুৰ খালে হৃদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধি পায়। তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকে। অন্যহাতে শৰীৰৰ প্ৰয়োজনীয় শৰ্কৰাৰ ঘাটি পূৰণ কৰাত খেজুৰে সহায় কৰে। খেজুৰত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম যি হাড় মজবুত কৰি ৰখাত সহায় কৰে। খেজুৰ খালে ছডিয়াম পটাছিয়ামৰ সমতা অটুট থাকে।

নেমুৰস মিশ্রিত কুহুমীয়া পানী: পুৱা খালী পেটতে ঠাণ্ডা পানী খোৱাৰ পৰিৱৰ্তে কুহুমীয়া পানীত নেমুৰ মিলাই খালে দিনটোৰ বাবে সতেজ অনুভৱ হোৱাৰ উপৰি ওজন হ্রাস কৰাত ই সহায় কৰে। এনে কুহুমীয়া পানীত মৌৰস মিহলাই দিব পাৰে। মৌত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ভজা কাঠবাদাম: কাঠবাদাম ভিটামিন আৰু খনিজেৰে পৰিপূৰ্ণ। পুৱাতেই ৫-১০ টামান কাঠবাদাম খালে শৰীৰৰ পুষ্টি অটুট থাকে। কাঠবাদাম পানীত তিয়াই ৰাখি বাকলি গুচাই খালে সহজেই পুষ্টি পোৱা যায়।

আমলখিৰ জুছ: ৰাতিপুৱা খালীপেটতে আমলখিৰ জুছ খাব পাৰে। কিন্তু আমলখিৰ জুছ খোৱা ৪৫ মিনিটমানৰ পাছতহে চাহ বা কফি খাব লাগে। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। নিয়মীয়াকৈ আমলখিৰ ৰস খালে আয়ুস বাঢ়ে। তদুপৰি আমলখিৰ ৰস খালে যকৃত, পেটৰ যন্ত্রণা, বদহজম আদিৰ পৰা উপশম পাব পাৰি। আমলখিত থকা ভিটামিন ‘চি’য়ে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে কাহ-চর্দি আদিত বাধা দিয়ে।

অমিতা: প্রতিদিনে খালী পেটতে পকা অমিতা খালে বহু ভাল ফল পাব পাৰি। পকা অমিতাই কলেষ্ট’ৰেলৰ প্ৰভাৱ হ্রাস কৰে, ওজন কমায় আৰু ছাল মসৃণ কৰি ৰখাত সহায় কৰে।

তৰমুজ: পুৱা তৰমুজ খালেও শৰীৰে বহু পুষ্টি পায়। তৰমুজত কেলৰিৰ পৰিমাণ কম কিন্তু ইলেক্ট্রলাইটছৰ পৰিমাণ বেছি। প্রতিদিনে দুইপ্লেটমান তৰমুজ খালে শৰীৰত ভিটামিন ‘এ’, ভিটামিন ‘চি’ৰ অভাৱ পূৰণ হয়। এজমাজনিত ৰোগৰ বাবেও তৰমুজ উপকাৰী। তৰমুজত বিশেষধৰণৰ ধৰণৰ এক এচিড আছে, তৰমুজ খালে সেই এচিডৰ পৰা সৃষ্টি হোৱা নাইট্রিক অক্সাইডে তেজৰ স্বাভাৱিক কার্যপ্রণালী সক্ৰিয় কৰি ৰাখে।

