দুৰ্বল প্ৰদৰ্শন
জৰিমনাৰ সন্মুখীন হ’ল খেলুৱৈ
ক্ৰিকেট পাকিস্তানৰ অন্যতম জনপ্ৰিয় খেল। বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ আন খেলত বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰা পাকিস্তান সেয়েহে সদায়েই ক্ৰিকেট নিৰ্ভৰ। এই ক্ৰিকেটেই এদিন বিশ্ব চেম্পিয়নৰ মধুৰ গৌৰৱো দি থৈছে পাকিস্তানক। কিন্তু পাকিস্তান ক্ৰিকেটৰ সেই মধুৰ দিন যেন এতিয়া অতীত হ’ল।
ক্ৰিকেটৰ পৰা সদায়েই চমৎকাৰ আশা কৰা পাকিস্তানৰ জনসাধাৰণ পিছে বিগত কেইটামান বছৰত বাৰুকৈয়ে হতাশ হ’ব লগা হৈছে। এইবাৰৰ টি টুৱেন্টি বিশ্বকাপ ক্ৰিকেটতো সেয়াই হ’ল।
বহু প্ৰত্যাশা সত্বেও এইবাৰো গ্ৰুপ পৰ্যায়তে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল পাকিস্তান। লগে লগেই অবিশ্বাস্য খং- ক্ষোভভৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় পাকিস্তানত।

