নগাঁও, ২৬ ফেব্ৰুৱাৰী
অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে। গোচৰটোৰ অভিযুক্ত সকলৰ বিৰুদ্ধে নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যেই সাক্ষ্য গ্ৰহণ, অভিযুক্তৰ ভাষ্য গ্ৰহণ, ভুক্তভোগীৰ অধিবক্তাৰ যুক্তি প্ৰদৰ্শন আদি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আজিৰে পৰা অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে। গোচৰটোত হত্যাৰ ধাৰা সংযোজন কৰাৰ বাবে সমল নথকা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে অভিযুক্ত পক্ষৰ অধিবক্তাই।
ইয়াৰ বিপৰীতে অভিজিৎ নাথ আৰু নিলোৎপল দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাটো আদালতত উন্মোচন হোৱা বুলি দাবী কৰে লোক অধিবক্তা জিয়াউল কামাৰে। লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেও অভিজিৎ নাথ আৰু নিলোৎপল দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ তথ্যও উন্মোচন কৰা বুলি দাবী কৰে নিলোৎপল দাস আৰু অভিজিৎ নাথৰ দুই দুৰ্ভগীয়া পিতৃয়ে।

