লক্ষ্যজ্যোতি বৰা : চামগুৰি, ২ মাৰ্চ : বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই, যি অচিনাকি মানুহে ভয়ানক বিপদৰ সৃষ্টি কৰিলে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই – মন্তব্য বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ। সাংসদ ৰকিবুল হুছেইনৰ পাৰিবাৰিক ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা কৰি ৰকিবুলৰ তনয় তাঞ্জিল হুছেইনে দিপ্লুৰঞ্জন শৰ্মাক অগণতান্ত্ৰিক ভাৱে বিধায়ক হোৱা বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয় যে তাঞ্জিল হুছেইন নিজেই অগণতান্ত্ৰিক পৰিবেশত জন্ম হোৱা লোক।
দিছপুৰ সমষ্টিৰ পৰা দিপ্লুৰঞ্জন শৰ্মাই নিৰ্বাচন খেলিব বুলি প্ৰচাৰিত খবৰ সন্দৰ্ভত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য –ভাৰতীয় জনতা পাৰ্টিৰ আমি কাৰ্যকৰতা, আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ কাম আৰম্ভ কৰিছিলোঁ, আমাৰ সংকল্প আছিল দেশৰ কাম কৰা।আমি কেতিয়াও ভৱা নাছিলো MLA ,MP হ’বৰ বাবে ৰাজনীতি কৰা বুলি,দলে যি সিদ্ধান্ত লয়,আমি মানি লম। ইয়াত বিচৰাৰ অধিকাৰ নাই।

মীৰা বৰঠাকুৰে সামাজিক মাধ্যমত বুল্ডডজাৰক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয় যে কংগ্ৰেছী বোৰে বুল্ডডজাৰ দেখিলে কিয় ভয় খাই মই বুজি নাপাওঁ। যিবোৰ অচিনাকি মানুহ তাত উচ্ছেদ অভিযান চলিয়েই থাকিব।
চামগুৰি সমষ্টিৰ পৰা বিজেপিয়ে প্ৰকৃত যোগ্য লোকক প্ৰাৰ্থিত্ব দিব, অসম্ভৱকো সম্ভৱ কৰি তুলিব । কিয়নো এই সমষ্টিটোৰ এইবাৰ ৯২ শতাংশ লোকেই সংখ্যালঘু সম্প্ৰদায়ৰ < মন্তব্য দিপ্লুৰঞ্জন শৰ্মাৰ।

