কি হ’ব ছেমিফাইনেলৰ সমীকৰণ?এতিয়াও সজীৱ হৈ আছে টীম ইণ্ডিয়াই ছেমিফাইনেল খেলাৰ বাবে যোগ্যতা অৰ্জনৰ আশা

Share

চলিত T-20 বিশ্বকাপত লীগ পৰ্যায়ত ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰখা টীম ইণ্ডিয়াক Super-8ৰ প্ৰথমখন খেলতে দক্ষিণ আফ্ৰিকাই দিছিল মোক্ষম আঘাত। শোচনীয় বেটিং প্ৰদৰ্শনেৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল ৭৬ৰানত পৰাস্ত হৈছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। বিশাল ব্যৱধানত পৰাস্ত হৈ অবনমিত হৈছিল টীম ইণ্ডিয়াৰ ৰানৰেটৰ, প্ৰশ্ন উত্থাপন হৈছিল Super-8ৰ পৰাই বিদায় ল’ব নেকি ২০২৪ৰ T-20 বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াই । পিছে Super-8ৰ দ্বিতীয়খন খেলত জিম্বাবুৱেইৰ বিৰুদ্ধে জয়লাভ কৰি হেৰুৱা আশা সজীৱ কৰিলে ICCৰ T-20 ৰেংকিঙৰ শীৰ্ষত থকা ভাৰতীয় দলে । চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় জিম্বাবুৱেই দলৰ অধিনায়ক চিকন্দৰ ৰাজাই । ভাৰতীয় দলৰ অপেনিং বেটছমেন সঞ্জু ছেমচন আৰু অভিষেক শৰ্মাই দলক দিয়ে সুন্দৰ আৰম্ভণি। ‘লোকেল বয়’ সঞ্জু ছেমচনে ২৪ ৰান কৰি আউট হয় যদিও অভিষেক শৰ্মাই অৰ্জন কৰে T-20 বিশ্বকাপৰ প্ৰথমতো অৰ্ধশতক। ৫৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে অভিষেক। ঈশান কিষাণে ৩৮, অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৩৩ ৰান সংগ্ৰহ কৰে। বিস্ফোৰক তথা আক্ৰমণাত্মক বেটিং প্ৰদৰ্শনেৰে হাৰ্দিক পাণ্ডিয়াই ২৩টা বলত ২টা চাৰি আৰু চাৰিটা ছয়েৰে খেলে ৫০ ৰানৰ ইনিংছ । যোগ্য সহযোগিতা আগবঢ়াই তিলক বাৰ্মাইও মাত্ৰ ১৬টা বলতে সংগ্ৰহ কৰে ৪৪ৰান । তিলক বাৰ্মাই ২৩টা চাৰি আৰু চাৰিটা ছয়েৰে সজাই নিজৰ ইনিংছ। ২০ অ’ভাৰৰ অন্তত ভাৰতীয় দলে চাৰিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৬ৰান । এইয়া আছিল T-20 বিশ্বকাপৰ ইতিহাসত ভাৰতীয় দলৰ সৰ্বোচ্চ দলীয় স্কৰ ।

২৫৭ৰানৰ লক্ষ্যৰে বেটিং কৰিবলৈ আহি ৬টা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ১৮৪ৰানতে থমকে জিম্বাবুৱেই দলৰ ইনিংছ। জিম্বাবুৱেই দলৰ অন্য বেটছমেনৰ বেটিং বিপৰ্যয়ৰ মাজতো অপেনাৰ ব্রায়ান বেনেটে খেলে ৯৭ৰানৰ এক পৰাক্ৰমী ইনিংছ। ৫৬টা বলৰ মুখামুখি হৈ বেনেটৰ বেটৰ পৰা আহে ৮টা চাৰি আৰু ৬টা বিশাল ছয় । টীম ইণ্ডিয়াৰ হৈ অৰ্শদ্বীপ সিঙে দখল কৰে ৩টা উইকেট। ৭২ৰানত জয়লাভ কৰে টীম ইণ্ডিয়াই।

৭২ৰান বিজয় সাব্যস্ত কৰিলে আত্মবিশ্বাসী হৈ থাকিলেও Super-8ৰ অন্তিমখন খেলত ভাৰতীয় দল মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। ৱেষ্ট ইণ্ডিজৰে ভাৰতীয় দলৰ সেইখন হ’ব নক আউট মেচ । যিটো দল জয়ী হ’ব সিয়েই পাব ছেমিফাইনেল খেলাৰ সুযোগ। পৰাজিত দলটোৱে ল’ব বিশ্বকাপৰ পৰা বিদায়।
ইতিমধ্যে দক্ষিণ আফ্ৰিকাই ভাৰত আৰু ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলৈ যোৱাৰ পথ মসৃণ কৰি ৰাখিছে।দক্ষিণ আফ্ৰিকাৰ পিছত Group-1ৰ পৰা কোনটো দল যাব ছেমিফাইনেলৈ ? সেয়া স্পষ্ট হ’ব মাৰ্চৰ ১তাৰিখে। বৰ্তমানে সেই অতিশয় গুৰুত্বপূৰ্ণ মেচখনকলৈ বৃদ্ধি পাইছে কৌতুহল, দৃষ্টি নিবদ্ধ হৈ থাকিব কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ

Share

Leave a Comment