LIVE ASSAM : অসমৰ আকাশমাৰ্গ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান চুখইৰ বাবে কালিকা লগা নেকি?
শেহতীয়াকৈ অসমৰ কাৰ্বি আংলং জিলাত Sukhoi-30 MKI দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই এই প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত।

বৃহস্পতিবাৰে যোৰহাট এয়াৰ বেছৰ পৰা প্ৰশিক্ষণৰ বাবে উৰণ আৰম্ভ কৰা এই Sukhoi 30 MKI খন ৬০ কিলোমিটাৰ দূৰত্বৰ কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলত দুৰ্ঘটনাত পতিত হয়। ফলত বিমানখনৰ দুয়োগৰাকী পাইলট স্কোৱাড্ৰন লীডাৰ অনুজ আৰু লেফটেনেণ্ট পূৰ্ৱেশ দুৰাগকাৰ ঘটনাস্থলীতে নিহত হয়।

প্ৰতিৰক্ষা বিভাগৰ পৰা প্ৰকাশ কৰা অনুসৰি প্ৰশিক্ষণৰত অৱস্থাত নিশা ৭ বাজি ৪২ মিণিটত এই বিমানখনে যোগাযোগ হেৰুৱাই পেলায়। স্থানীয় লোকে জনোৱা মতে সেই সময়ত এক বিকট শব্দ শুনা গৈছিল। হেলিকপ্টাৰ যোগে বায়ু সেনাই চলোৱা অভিযানত দুৰ্ঘটনা গ্ৰস্ত বিমান খনৰ অৱশিষ্টৰ লগতে পাইলট দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
অসমত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান চুখইৰ এই অঘটন এয়েই প্ৰথম নহয়। ইয়াৰ আগতেও ২০১৫ বৰ্ষৰ ১৯ মে’ত নগাঁৱৰ লাওখোৱা অঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল এই যুঁজাৰু বিমানখন।
২০১৭ চনত তেজপুৰৰ পৰা উৰণ আৰম্ভ কৰা এই Sukhoi 30 MKI অসম – অৰুণাচল সীমান্তত দুৰ্ঘটনাত পতিত হৈছিল।
আনহাতে ২০১৯ বৰ্ষৰ ৮ আগষ্টত তেজপুৰৰ এখন ধাননি পথাৰত দুৰ্ঘটনাত পতিত হৈছিল এই Sukhoi 30MKI যুঁজাৰু বিমান।
এইদৰেই সঘনাই সংঘটিত Sukhoi 30MKI যুঁজাৰু বিমান আৰু অসমৰ আকাশমাৰ্গ জড়িত হৈ পৰিছে। প্ৰশ্ন হয় চুখই যুঁজাৰু বিমানৰ বাবে অসমৰ আকাশমাৰ্গ এক বিভীষিকা নেকি?

