নগাঁও,২ মাৰ্চ : ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাই চলোৱা যুদ্ধৰ ফলত বিপদত পৰিছে দেশৰ বহু চেলিব্ৰিটি৷ ইটোৰ পিছত সিটোকৈ মিছাইল আক্ৰমণ আৰু আকস্মিক বিষ্ফোৰণত কপি উঠিছে ইৰানৰ সমীপৱৰ্ত্তী দেশসমূহ৷ একেদৰে আমেৰিকা আৰু ইজৰাইলৰ মিত্ৰ দেশ সমূহ হৈ পৰিছে ইৰানৰ আক্ৰমণৰ লক্ষ্য ৷

এনে ভয়ংকৰ পৰিৱেশত বাতিল হৈছে বহু বিমান সেৱা৷ ইয়াৰ ফলত মাজ বাটত আবদ্ধ হৈ পৰিছে বহু যাত্ৰী৷ এই সকলৰ ভিতৰত ভাৰতৰ কেইবাজনো চেলিব্ৰিটিও আছে৷ তামিল ছুপাৰষ্টাৰ অজিত কুমাৰ ডুবাইত আবদ্ধ হৈ আছে৷ একেদৰে আবদ্ধ হৈ আছে সোনাল চৌহান৷ আবু ধাবিত আবদ্ধ হৈ আছে ঈষা গুপ্তা৷

ভাৰতৰ এই সকল চেলিব্ৰিটিৰ উপৰিও পি ভি সিন্ধু, জন বেয়াৰ ষ্টকে ধৰি দেশ বিদেশৰ বহু তাৰকা খেলুৱৈ এই যুদ্ধৰ ফলত ঘৰলৈ উভতিব নোৱাৰি মাজ বাটত আবদ্ধ হৈ আছে৷
অৱশ্যে এই সকল কুশলেই থকা বুলি পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে

