ইৰাণৰ জাহাজ আইৰিছ ডেনা ধ্বংস : ভাৰতক শলঠেকত পেলাবলৈ চেষ্টা

Share

LIVE ASSAM : ইৰাণৰ জাহাজ আইৰিছ ডেনাৰ ধ্বংসক লৈ শলঠেকত পেলাবলৈ যত্ন কৰা হৈছে ভাৰতক।
ইৰাণৰ এই দুৰ্ভগীয়া জাহাজ আইৰিছ ডেনা যোৱা ৪ মাৰ্চত শ্ৰীলংকাৰ সমীপস্থ সাগৰত অকস্মাতে চলোৱা আক্ৰমণত ধ্বংস হয়। শ্ৰীলংকাৰ চৰকাৰে প্ৰকাশ কৰা অনুসৰি এই ঘটনাৰ ফলত জাহাজখনত থকা ৮৭ জন নৌসেনা বিভাগৰ লোক নিহত হয়। আন ৩২ গৰাকী লোকক শ্ৰীলংকাৰ চৰকাৰে উদ্ধাৰ কৰি আনি গালেৰ চিকিৎসালয়ত ভৰ্তি কৰে।
এই ঘটনাত ক্ষুব্ধ হৈ পৰা ইৰাণে ইয়াৰ পিছৰে পৰা ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।
ইৰাণ চৰকাৰে এই আইৰিছ ডেনা ভাৰতৰ অতিথি আছিল বুলি প্ৰকাশ কৰিছে।
এই সংক্ৰান্তত ভাৰত চৰকাৰে সদৰি কৰিছে যে ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰী পৰ্যন্ত ভিজাগত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ফ্লীট ৰিভিউৰ বাবে এই আইৰিছ ডেনা আহিছিল।
ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ঘোষণা কৰা হয় ২৮ ফেব্ৰুৱাৰীত। ২৫ ফেব্ৰুৱাৰীত এই জাহাজখন ভাৰতৰ পৰা উভতিছিল। ইয়াৰ পিছত কোনো সময়তে এই জাহাজখনে ভাৰতৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰা নাছিল।
সেয়েহে এই ঘটনাৰ সৈতে ভাৰতক জড়িত কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ভাৰত চৰকাৰে।

Share