🛑আহমেদাবাদত ঠিকনা সলনি কৰিছে ভাৰতে
LIVE ASSAM : অন্ধ বিশ্বাসৰ সৈতে ভাৰতীয় সকলৰ আছে এৰাব নোৱাৰা সম্পৰ্ক। ৰজাৰ পৰা প্ৰজালৈ অধিকাংশ ভাৰতীয়ই অন্ধ বিশ্বাসী। সেয়েহে বহুতেই শুভ কাম আৰম্ভ কৰাৰ বাবে শুভ ক্ষণৰ অপেক্ষা কৰে।
অহা ৮ মাৰ্চত আহমেদাবাদত টি টুৱেন্টি বিশ্বকাপৰ ফাইনেলত ভাৰত সন্মুখীন হ’ব নিউজিলেণ্ডৰ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ বাবে বৰ ভাগ্যশালী প্ৰতিপন্ন হৈ উঠা নাই।
২০২৩ বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ ফাইনেলত দূৰন্ত ফৰ্মত আছিল ভাৰতীয় দল। এটাৰ পিছত আনটো দলক ধৰাশায়ী কৰি বীৰদৰ্পে ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে। আহমেদাবাদৰ ফাইনেলতো অনায়াসে ভাৰতেই জয়ী হ’ব বুলি সকলোৱেই বিশ্বাস কৰিছিল। কিন্তু সেই দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় প্ৰদৰ্শন আগবঢ়াই পৰাজিত হৈছিল ভাৰত। এইবাৰো টি টুৱেন্টি বিশ্বকাপৰ প্ৰতিযোগিতাত গ্ৰুপ পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই আহমেদাবাদত বেয়াকৈ হাৰিল ভাৰত।
সেই বাবেই এইবাৰৰ ফাইনেলত মুঠেই ৰিস্ক ল’ব খোজা নাই ভাৰতে।
অদৃশ্যবাদত বিশ্বাসী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ সেয়েহে এইবাৰ ঠিকনা সলনি কৰা হৈছে। বি চি চি আইয়ে এইবাৰ ভাৰতীয় দলটোক এখন পৃথক হোটেলত ৰখাৰ দিহা কৰিছে।
ইয়াৰ আগতেও ইংলেণ্ডৰ বিৰুদ্ধে খেলা ছেমি ফাইনেলৰ বাবে নেট প্ৰেক্টিছ কৰিবলৈ ভাৰতীয় দল নামিছিল নিৰ্ধাৰিত সময়তকৈ ৪৫ মিণিট পলমকৈ। বহুতেই অন্ধ বিশ্বাসৰ বাবেই ভাৰতীয় দলে সময় সলনি কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে সেইদিনা সেই সময়ত লগা চন্দ্ৰ গ্ৰহণৰ বাবেও এনে কৰা বুলি ভবাৰ থল আছে। কিয়নো ভাৰতীয় পৰম্পৰা অনুসৰি এই ছোৱা সময় ভাল নহয় বুলিয়েই গণ্য কৰা হয়।

